অসম

কস্তুৰবা গান্ধী বালিকা বিদ্যালয় নিৰ্মাণৰ নামত দূৰ্নীতি

Asomiya Pratidin

ডিজিটেল সংবাদ, মানকাচৰঃ মানকাচৰৰ ফেকামাৰী কুস্তুৰবা গান্ধী বালিকা বিদ্যালয় নিৰ্মাণৰ নামত ব্যাপক দূৰ্নীতি । অতি নিম্নমানৰ ইটা আৰু ৰড ব্যৱহাৰ কৰি তিনিমহলীয়া অট্টালিকা নিৰ্মাণ কৰি থকাৰ অভিযোগ তুলিছে সদৌ অসম গৰীয়া মৰিয়া-দেশী জাতীয় পৰিষদৰ সাংগঠনিক সম্পাদক আকতাবুৰ ৰহমানে ।

উল্লেখযোগ্য যে, ৰাজ্যৰ শিক্ষা বিভাগৰ পৰা দক্ষিণ শালমাৰা-মানকাচৰ জিলাত টুমনি আৰু ফেকামাৰীত কস্তুৰবা গান্ধী বালিকা বিদ্যালয় নিৰ্মাণৰ বাবে প্ৰায় ৩ কোটি ৩৭ লাখ টকা আৱণ্টন দিছে। ইয়াৰে মানকাচৰৰ ফেকামাৰী কস্তুৰবা গান্ধী বালিকা বিদ্যালয় নিৰ্মাণৰ বাবে গুৱাহাটীৰ আমিনুৰ ৰহমান নামৰ ঠিকাদাৰজনক দায়িত্ব প্ৰদান কৰা হৈছে। ফেকামাৰী কস্তুৰবা গান্ধী বালিকা বিদ্যালয়খন নিৰ্মাণৰ বাবে ১.৬৯ কোটি টকা আৱণ্টন হৈছে। কিন্তু এই বিদ্যালয়খন নিৰ্মাণৰ নামত ঠিকাদাৰ জনে চৰম দূৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

ইতিমধ্যে যোৱা ১৫ ফেব্ৰুৱাৰী তাৰিখে কামত চৰম দূৰ্নীতি কৰাৰ অভিযোগ তুলি সদৌ অসম গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ সংগঠনিক সম্পাদক আকতাবুৰ ৰহমান আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলা গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ সম্পাদক ফিৰোজ আলমে হাটশিঙিমাৰী জিলা আয়ুক্তক লিখিত অভিযোগ দাখিল কৰিছে।

ঘটনাক লৈ জিলা আয়ুক্তৰ নিৰ্দেশত হাটশিঙিমাৰী সদৰ মহকুমাধিপতি তদন্তৰ বাবে উপস্থিত হয় ফেকামাৰী কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত। কামৰ দায়িত্বত থকা অভিযন্তা মমিত আহমেদৰ অবহেলাৰ বাবে বালিকা বিদ্যালয়খন নিৰ্মাণত দূৰ্নীতি সংঘটিত হোৱা বুলি তদন্তৰ পোহৰলৈ অহা পৰিলক্ষিত হৈছে। বিদ্যালয়খন নিৰ্মাণত দূৰ্নীতি সংঘটিত হোৱা বুলি অভিযন্তা জনে নিজে স্বীকাৰোক্তি প্ৰদান কৰা পৰিলক্ষিত হয়।