অসম

মানকাচৰত চোৰাং গৰুসহ আটক ব্যৱসায়ী

Asomiya Pratidin

ডিজিটেল সংবাদ, মানকাচৰঃ মঙলবাৰে নিশা মানকাচৰ আৰক্ষীৰ অভিযানত জব্দ হয় চোৰাং গৰু। সুখচৰ আৰক্ষীয়ে ১০ টা চোৰাং গৰুসহ আটক কৰিছে গৰু ব্যৱসায়ীজনক। আৰক্ষীয়ে পাইকৰকান্দি এলেকাৰ পৰা মঙলবাৰে নিশা আটক কৰে গৰু ব্য়ৱসায়ী ফিৰাজুল হকক।

জানিব পৰা মতে, এখন খোৱাৰাৰ মালিক ফিৰাজুল হক সুখচৰ সমবায় সমিতিৰ সদস্য। খোৱাৰাৰ পৰা গৰু বিক্ৰী কৰাৰ অভিযোগত পূৰ্বেও জেলত গৈছিল ফিৰাজুল হক।

ঘটনা সন্দৰ্ভত বৰ্তমান সুখচৰ আৰক্ষীয়ে ফিৰাজুল হকক জেৰা চলাই আছে। আনহাতে গৰু জব্দ কৰাৰ সময়ত পলায়ন কৰিছে চোৰাং গৰু সৰবৰাহকাৰীৰ দলটো।

উল্লেখ্য যে, আৰক্ষীয়ে গৰু কেইটা জব্দ কৰাৰ পাছত ফিৰাজুলে তেওঁৰ নিজৰ গৰু বুলি কৈ গৰু কেইটা মুকলি কৰি দিবলৈ আৰক্ষীক ভাবুকি দিছিল যদিও পৰৱৰ্তী সময়ত নিজে আৰক্ষীৰ ওচৰত ধৰা দিয়াত আৰক্ষীয়ে নিশা আটক কৰে ফিৰাজুল হকক।