অসম

ৰঙাপৰাত ১৯ টাকৈ চোৰাং গৰুসহ বাহন জব্দ, তিনিজনক আটক

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোনিতপুৰ জিলাৰ ৰঙাপৰাত বৃহস্পতিবাৰে নিশা চোৰাং গৰু কঢ়িয়াই অনা এখন বলেৰ’ গাড়ী জব্দ কৰে স্থানীয় ৰাইজে। লক্ষীমপুৰ জিলাৰ বঙালমৰাৰ পৰা ৰৌতাৰ দিশে নি থকা অৱস্থাত ৰঙাপৰাৰ বৰজুলিত স্থানীয় ৰাইজে জব্দ কৰে চোৰাং গৰু সহ বলেৰ পিক আপ গাড়ী ৷

এ,এছ-২৫ -চি চি- ৬৩২২ নম্বৰৰ বলেৰ গাড়ীখনৰ পৰা ৰাইজে উদ্ধাৰ কৰে ১৯ টাকৈ গৰু। ৰাইজে আটক কৰা লোক তিনিজনে বলেৰ গাড়ীখনত পান জপাদি জাপি ১৯ টাকৈ গৰু আনিছিল। ইয়াৰে কেইবাটাও গৰুৰ অৱস্থা অতি সংকটজনক। গৰুকেইটা চোৰাংকৈ আনিছিল নে, নে ক্ৰয় কৰি আনিছিল সেয়া ৰঙাপৰা আৰক্ষীৰ তদন্ত পোহৰলৈ আহিব।

ইফালে ঘটনাস্থলীত ৰঙাপৰা আৰক্ষী উপস্থিত হৈ তিনিজন লোক আটক কৰাৰ লগতে গাড়ীখনসহ গৰু কেইটা থানালৈ লৈ নিয়ে। ৰাজ্যখনত এখন জিলাৰ পৰা আন এখন জিলালৈ একাংশ লোকে আৰক্ষীৰ চকুত ধূলি দি চোৰাং গৰু সৰবৰাহ অব্যাহত ৰাখিছে।