কা- বলবৎৰ বিৰোধিতাৰে ৰঙিয়াত চিপিআইএমৰ প্ৰতিবাদ  
অসম

কা- বলবৎৰ বিৰোধিতাৰে ৰঙিয়াত চিপিআইএমৰ প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ ৰঙিয়াঃ কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বলবৎ কৰিলে। ইয়াকে লৈ ৰঙিয়া চহৰত আজি চিপিআই-এমে এক প্ৰতিবাদী শোভাযাত্ৰা বাহিৰ কৰে।

শোভাযাত্ৰাত চি পি আই এমৰ কৰ্মীসকলে হাতে হাতে বেনাৰ, পোষ্টাৰ, ফেষ্টুন লৈ কা আমি নামানো,কা বলবৎ বিৰোধিতা কৰিছোঁ, শীঘ্ৰে কা আইন বাতিল কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। আজিৰ এই প্ৰতিবাদী শোভাযাত্ৰাত ৰঙিয়াৰ চি পি আই এমৰ জ্যেষ্ঠ কৰ্মী শৰৎ কলিতা, নৃপেন চন্দ্ৰ দাসকে ধৰি কেইবাগৰাকীও কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে এই প্ৰতিবাদী শোভাযাত্ৰা ৰঙিয়া চহৰৰ মাজমজিয়াৰ পৰা আৰম্ভ হৈ এন টি ৰোডেৰে ভুটান বাছ ষ্টপেজ হৈ ৰঙিয়াৰ তিনিআলিত সামৰণি পৰে।