মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সতৰ্কবাণীঃ নাযাব মাছ ধৰিবলৈ, কৃষি কৰ্ম কৰিবলৈ... 
অসম

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সতৰ্কবাণীঃ নাযাব মাছ ধৰিবলৈ, কৃষি কৰ্ম কৰিবলৈ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যজুৰি সাগৰীয় ঘূৰ্ণিবতাহ ৰীমালৰ প্ৰভাৱত নিশাৰে পৰা ধুমুহা, বৰষুণে তাণ্ডৱ অব্যাহত আছে। নিশাৰে পৰা এতিয়ালৈকে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বহু ক্ষয় ক্ষতিৰ হৈছে। প্ৰাণহানি হৈছে শিক্ষাৰ্থীৰ। ঢেকীয়াজুলি, মৰিগাওঁ আদিত স্কুলৰ শিক্ষাৰ্থী কঢ়িয়াই অনা বাহনৰ ওপৰত বাগৰিছে প্ৰকাণ্ড গছ।

এনে পৰিস্থিতিত ৰাজ্যৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ অফিচিয়েল এক্স হেণ্ডেলৰ জৰিয়তে ৰাজ্যবাসীৰ বাবে সতৰ্কবাণী জাৰি কৰিছে। মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা এক্স হেণ্ডেলত উল্লেখ কৰিছে যে তীব্ৰ বতাহৰ ফলত গছ বাগৰি পৰা আশংকা আছে। সেয়ে মাছ ধৰা বা অন্যান্য কৃষিকাৰ্যৰ বাবে বাহিৰলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে।

ইয়াৰোপৰি ২৮ আৰু ২৯ মে'ত ৰাজ্যৰ কেইবাখনো জিলাত ৰেড, অৰেঞ্জ আৰু য়েল্ল' এলাৰ্ট জাৰি কৰা হৈছে। সেই অনুসৰি ২৮ মে'ত কৰিমগঞ্জ, কাছাৰ, ডিমা হাচাও, গোৱালপাৰা জিলাত ৰেড এলাৰ্ট জাৰি কৰাৰ লগতে ধুবুৰী, বৰপেটা হাইলাকান্দি, দক্ষিণ শলামাৰা আদি জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। ইয়াৰোপৰি বাকী আটাইকেইখন জিলাত আছে হালধীয়া এলাৰ্ট।

২৯ মে'ত চিৰাং, বাক্সা, কাছাৰ, ডিমা হাচাওত আছে ৰেড এলাৰ্ট আৰু বৰপেটা, নলবাৰীত আছে অৰেঞ্জ এলাৰ্ট। বাকী আটাইকেইখন জিলাতে আছে য়েল্ল' এলাৰ্ট।