অসম

বিশ্বনাথত দৈনিক আৰু সাপ্তাহিক বজাৰ বন্ধ

Asomiya Pratidin

ডিজিটেল সংবাদ,বিশ্বনাথঃ বিশ্বনাথত হঠাৎ বন্ধ হ'ল কেচা শাক পাচলিৰ বজাৰ।বিশ্বনাথৰ দৈনিক বজাৰৰ কেচা শাক পাচলি হঠাৎ বন্ধ হোৱাৰ ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আনহাতে আজি দেওবৰীয়া সাপ্তাহিক বজাৰো অজ্ঞাত কাৰণত বন্ধ কৰা হৈছে।

দেওবাৰে পুৱা দৈনিক বজাৰলৈ অহা শাক পাচলিৰ ব্যৱসায়ীয়ে সামগ্ৰী উভতাই নিবলৈ বাধ্য হৈছে। বজাৰ বন্ধ হ'বলগীয়া বিশ্বনাথত কোনো পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। পূৰ্বে আইন শৃংখলা জনিত অবনতি কালতো বজাৰ বন্ধ কৰা হোৱা নাছিল।

জানিব পৰা মতে ওপৰৰ নিৰ্দেশৰ বাবেই আজি এনেদৰে দৈনিক আৰু সাপ্তাহিক বজাৰ বন্ধ কৰি এক শ্বাসৰুদ্ধকৰ পৰিৱেশ বিশ্বনাথত সৃষ্টি কৰা হৈছে। কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ ভাৰত জড়ো ন্যায় যাত্ৰাৰ দল কিছু সময়ৰ পিছত বিশ্বনাথত উপস্থিত হ'ব বাবেই এই কঠোৰ ব্যবস্থা লোৱা বুলি সন্দেহ কৰা হৈছে।

আন একাংশই আকৌ ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ বাবেই এনেদৰে বজাৰ বন্ধ কৰা হৈছে বুলি সন্দেহ কৰিছে। মুঠতে ৰাইজ এতিয়া বিভ্ৰান্তিৰ মাজত। ইফালে বজাৰ বন্ধ হোৱাৰ বাবে বিশ্বনাথত কেচা শাক পাচলিৰ ব্যাপক অভাৱ হোৱা দেখা গৈছে।