ৰঙিয়াত সাধনা ডেন্স একাডেমীৰ নৃত্য কর্মশালা সম্পন্ন...  
অসম

ৰঙিয়াত সাধনা ডেন্স একাডেমীৰ নৃত্য কর্মশালা সম্পন্ন...

Asomiya Pratidin

ডিজিটেল সংবাদ ৰঙিয়াঃ ৰঙিয়াৰ সাধনা ডেন্স একাডেমীৰ উদ্যোগত অনুষ্ঠিত সাতদিনীয়া বিনামূলীয়া নৃত্য কর্মশালাৰ সামৰণি পৰে। ৰঙিয়া শিক্ষক প্রশিক্ষণ মহাবিদ্যালয়ত তদুপলক্ষে অনুষ্ঠিত সামৰণি অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্রজ্বলন কৰে অধ্যক্ষ ড০ পার্থ ফুকন মহন্ত, ৰণদিয়া শতদল সাহিত্য সভাৰ সম্পাদক উজ্জ্বল ডেকা, নৃত্যশিল্পী দীনেশ দাস আৰু প্ৰাক্তন ছাত্র নেতা দিগন্ত কলিতাই।

মনোমোহা অনুষ্ঠানটোত প্রশিক্ষক নৱ বড়ো, নৃত্যশিল্পী লাচিত কলিতা, মণি কলিতা, পংকজ অসমীয়া, চিত্রশিল্পী ৰাতুল নাথক সম্বর্ধনা জনোৱা হয়। জনপ্রিয় কণ্ঠশিল্পী মিছ মমীৰ কণ্ঠত জয়ন্ত হাজৰিকাৰ গীতেৰে আৰম্ভ কৰা অনুষ্ঠানটিত কৃষ্ণা কলিতা, পংকজ কলিতা, ধ্ৰুব কলিতাই অভিনয়, শিশু শিল্পী কৃষ্টি কলিতাই জ্যোতি সংগীত আৰু কীর্তিমান কাশ্যপে বিহুগীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে।

অনুষ্ঠানত ৰঙিয়া টাউন হৰিজন বাৰোৱাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্রী অণিমা ভট্টাচাৰ্যৰ লগতে দীপক দাস,দ্বীজেন পাঠক প্ৰমুখ্যে আন কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি পৰিচালক জিতুমণি কলিতাৰ পৰিচালনাত সাধনা ডেন্স একাডেমীয়ে লোৱা উদ্যোগৰ শলাগ লয়। অনুষ্ঠানটিৰ আঁত ধৰে মুস্তাফা কামাল আহমেদে।