মোৱামাৰী চাপৰিত বনভোজ দলক আক্রমণকাৰী ৬ জনক আটক... 
দৰং

মোৱামাৰী চাপৰিত বনভোজ দলক আক্রমণকাৰী ৬ জনক আটক...

Asomiya Pratidin

ডিজিটেল সংবাদ মঙলদৈঃ শুকুৰবাৰে মোৱামাৰী চাপৰিত বনভোজ দলক আক্রমণ কৰা এজন নাবালকসহ ৬ জনক নিশা অভিযান চলাই আটক কৰে মঙলদৈ আৰক্ষীয়ে। ঘটনাৰ লগত জড়িত বাঘপৰিৰ মতলেৱ আলি(৩২) বাবু আলি (২৪) মালেক আলি (৩০) ভলো আলি(২৪) আৰু আমিৰ আলি(৩৪)ক আৰক্ষীয়ে আটক কৰে। আটক কৰা লোক কেইজনক স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত জে'ল হাজোতলৈ প্ৰেৰণ কৰিব।