দৰং

মঙলদৈত আলি-আ:য়ে লৃগাং উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ,মঙলদৈ : মঙলদৈত বুধবাৰে আলি -আ:য়ে লৃগাং উৎসৱ উদযাপন কৰা হয়। অসমৰ মিছিং জনগোষ্ঠীৰ লোকসকলে পালন কৰে কৃষি ভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং।

এই দিনটোৰ পৰাই অসমৰ মিছিং জনগোষ্ঠীৰ লোকসকলে পথাৰত শষ্য সিচাঁ পৰ্বৰ শুভাৰম্ভনী কৰে। আলি মানে হ'ল শষ্যৰ বীজ, আয়ে মানে হ'ল ফল বা গুটি আৰু লিগাং মানে হ'ল সিঁচা।

মঙলদৈ সৈনিক ভৱনতো আজি মিছিং জনগোষ্ঠীৰ লোক সকলে পৰম্পৰাগত ৰীতি নীতিৰে পালন কৰিছে আলি আয়ে লৃগাং। পুৰাং আপিন, শুকান গাহৰি মাংস, মাছ আৰু পৰম্পৰাগত পানীয় পৰঃ আপংৰে আপ্যায়ন কৰে উপস্থিত ৰাইজক।