মণ্ডলৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান ব্যৰ্থঃ মানহানিৰ গোচৰৰ ভাবুকি... 
দৰং

মণ্ডলৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান ব্যৰ্থঃ মানহানিৰ গোচৰৰ ভাবুকি...

Asomiya Pratidin

ডিজিটেল সংবাদ মঙলদৈঃ বৃহস্পতিবাৰে মঙলদৈ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত দুৰ্নীতি নিবাৰক শাখাই চলাই এক অভিযান। অৱশ্যে এই দুৰ্নীতি নিবাৰক শাখাৰ এই অভিযান ব্যৰ্থ হয়। ফলত এতিয়া দুৰ্নীতি নিবাৰক শাখাহে মানহানিৰ গোচৰৰ সন্মুখীন হোৱাৰ ভাবুকিৰ সন্মুখীন হৈছে।

উল্লেখ্য যে, মঙলদৈ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ কৰ্মচাৰী তথা মণ্ডল নৱ নাথৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাই ৫ হাজাৰ টকা উৎকোচ লোৱা বুলি চলাইছিল মাৰাথান জেৰা। এজন ব্যক্তিয়ে অভিযোগ উত্থাপিত কৰিছিল নৱ নাথে ভূমিৰ নামজাৰি কৰাৰ বিনিময়ত লৈছে ৫ হাজাৰ টকাৰ উৎকোচ।

এই অভিযোগৰ ভিত্তিতে দুৰ্নীতি নিবাৰক শাখাই নৱ নাথক কাৰ্য্যলয়ৰ কেন্টিনতে চলালে মাৰাথান জেৰা। দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াই তন্ন তন্নকৈ নৱ নাথক পৰীক্ষা কৰি উৎকোচ লোৱা টকাৰ সন্ধান চলালে।

কিন্তু ক'তো নাপালে উৎকোচ লোৱাৰ কোনো ধৰণৰ তথ্য। একপ্ৰকাৰে অসত্য হিচাপে প্ৰমাণিত হ'ল মণ্ডল নৱ নাথৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ। ইয়াৰ পিছতে এতিয়া মঙলদৈ ৰাজহ চক্ৰ বিষয়াগৰাকীও সৰৱ হৈ পৰিছে।

মিচা অভিযোগত এইদৰে তেওঁৰ কাৰ্যালয়ৰ কৰ্মচাৰীক হাৰাশাস্তি কৰাৰ বাবে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ দিছে। সমান্তৰালকৈ মণ্ডল নাথেও তেওঁৰ লগত হোৱা এই ঘটনাৰ বাবে এতিয়া দুৰ্নীতি নিবাৰক শাখাৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব বুলি জনাইছে।