মঙলদৈত অসম ভিত্তিত অসমীয়া গীতৰ প্ৰতিযোগিতাঃ হেমন্ত দত্তক প্রদান কৰিব 'সংগীত জ্যোতি' সন্মান... 
দৰং

মঙলদৈত অসম ভিত্তিত অসমীয়া গীতৰ প্ৰতিযোগিতাঃ হেমন্ত দত্তক প্রদান কৰিব 'সংগীত জ্যোতি' সন্মান...

Asomiya Pratidin

ডিজিটেল সংবাদ মঙলদৈ: বাৰেৰহণীয়া স্যাস্কৃতিক মঞ্চ, অসমৰ উদ্যোগত অসমৰ সংগীতভিত্তিক অনুষ্ঠান 'সুৰৰ এদিন' অহা ৪ আগষ্টত মঙলদৈস্থিত জিলা পুথিভঁৰাল প্রেক্ষাগৃহত অনুষ্ঠিত হ'ব। ২০ সংখ্যক বর্ষত উপনীত হোবা এই অসমীয়া গীতৰ মহাৰণত বিশিষ্ট গীতিকাৰ, নাট্যকাৰ, পৰিচালক, অভিনেতা হেমন্ত দত্তক সংগীত জ্যোতি সম্মান প্রদান কৰা হ'ব।

এই প্রতিযোগিতাৰ প্রথম দহটা স্থান লাভ কৰা প্রতিযোগিলৈ মুঠ ৫৫ হেজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ'ব বুলি উদ্যোক্তাসকলে জনাইছে। উদযাপন সমিতিৰ সভাপতি বাজীৱ কুমাৰ ডেকা, কার্যকৰী সভাপতি ৰানা আলম আৰু মুখ্য সম্পাদক ডাঃ মৃন্ময় কুমাৰ নাথে সংবাদ মাধ্যমৰ আগত এই ব্যতিক্রমী প্রতিযোগিতাৰ নিয়মাৱলী প্রকাশ কৰিছে।

মঙলদৈ জিলা পুথিভঁৰাল প্রেক্ষাগৃহত ৪ আগষ্টৰ পুৱা ৯ বজাত এই প্রতিযোগিতা আৰম্ভ হ'ব। সদৌ অসম ভিত্তিত হ'বলগীয়া এই প্রতিযোগিতাত দহ বছৰৰ উৰ্ধ্বৰ সর্বমুঠ ৫০ জন প্রতিযোগীত যোগদানৰ সুবিধা প্রদান কৰিব। প্রতিযোগিতাত যোগদানৰ মাচুল মাত্র তিনিশ টকা আৰু যোগদানৰ শেষ তাৰিখ ২৮ জুলাই ধার্য কৰা হৈছে।

প্রতিযোগিতাৰ প্রথম ঘূৰণত প্রতিযোগীসকলে নিজৰ পছন্দমতে যিকোনো এটি অসমীয়া গীতৰ স্থায়ী আৰু অন্তৰা গাব লাগিব। তদুপৰি লটাৰী যোগে লোকগীত, চিয়া গীত, বিয়া নাম, জিকিৰৰ স্থায়ী আৰু অন্তৰা পৰিবেশন কৰিব লাগিব। আনহাতে বিচাৰকৰ নির্দেশত প্রদ্যযন্ত্রীয়ে বজাই দিয়া স্কেলত যি কোনো এটি অসমীয়া গীতৰ স্থায়ী প্রতিযোগীয়ে গাব লাগিব।

দ্বিতীয় ঘূৰণত প্রতিযোগীসকলে ড০ বীৰেন্দ্র নাথ দত্ত, দীপালী বৰঠাকুৰ, পুলক বেনার্জী, নীলিমা খাতুন আদি শিল্পীয়ে পৰিবেশন কৰা যিকোনো এটি অসমীয়া গীত পৰিবেশন কৰিব লাগিব। আনহাতে বাদ্যযন্ত্রীয়ে বজোৱা এটি অসমীয়া গীতৰ আৰম্ভণি অংশটো চিনাক্ত কৰি গীতটিৰ স্থায়ী ভাগ পৰিবেশন কৰিব লাগিব। এই ঘূৰণৰ পৰা দহজন প্রতিযোগীক চূড়ান্ত ঘূৰণলৈ উন্নীত কৰা হ'ব। এই ঘূৰণত উদ্যোক্তাই নিৰ্ধাৰণ কৰি দিয়া গীতসমূহৰ পৰা যিকোনো এটা গীত পৰিবেশন কৰিব লাগিব। ইচ্ছুক প্রতিযোগীক ৯৪৩৫০-৮৭১১৪ বা ৭০৮৬৭৮৬৪৮১ ফোন নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে।