ভোগালীৰ প্ৰাকক্ষণত বাংলাগড় বজাৰত ভিৰ... 
দৰং

ভোগালীৰ প্ৰাকক্ষণত বাংলাগড় বজাৰত ভিৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ মঙলদৈঃ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ কিছু সময়। ঘৰে-ঘৰে প্ৰস্তুতি চলিছে ভোগালীক আদৰাৰ। বজাৰ ভৰি পৰিছে ছাগলী, হাঁ পাৰ, দৈ, চিৰা, চুৰাৰ আদি ভোগালীৰ ভোগেৰে।

দৰঙৰ এখন উল্লেখযোগ্য বজাৰ হ'ল বাংলাগড় বজাৰ। ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ এখন উল্লেখযোগ্য বজাৰ হ'ল এই বাংলাগড়। এই বজাৰত ভোগালীৰ বজাৰ উভৈনদী হৈ পৰিছে।

পনীয়া চুৰাৰ বাবে এই বজাৰ বিশেষভাৱে উল্লেখযোগ্য। এই বজাৰত পনীয়া চুৰা প্ৰতি কিলোগ্ৰামত ৬০ ৰ পৰা ৭০ টকা। ছাগলীৰ দৰ প্ৰায় ৩০ ৰ পৰা ৩২ হাজাৰলৈ উঠিছে। আনহাতে হাঁহৰ প্ৰতিটোৰ দৰ ৬০০ৰ পৰা ৭০০ টকালৈ উঠিছে।

একে দৰে প্ৰতিটো খাদ্য সামগ্ৰীৰে দৰ স্বাভাৱিক ভাৱে আছে। এই বাৰ ছাগলীৰ মাংস প্ৰতিকিলো ৭০০ ৰ পৰা ৭৫০ কৈ খাব পাৰিব বুলি মত পোষণ কৰিছে ব্যৱসায়িসকলে।

সমাজৰ সকলো শ্ৰেণীৰ লোকে ভোগালীত লগে-ভাগে মিলি সুন্দৰকৈ এসাঁজ খাবলৈ বজাৰ কৰিবৰ বাবে ভিৰ কৰিছেহি দৰঙৰ এই বিখ্যাত বজাৰ বাংলাগড়ত।