দৰঙৰ শালৈপাৰাত টাইটানিকৰ আৰ্হিৰ ভেলাঘৰ... 
দৰং

দৰঙৰ শালৈপাৰাত টাইটানিকৰ আৰ্হিৰ ভেলাঘৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ দৰংঃ সন্মুখত হেঁপাহৰ অসমীয়াৰ বাপতি সাহোন, হিয়াৰ আপোন ভোগালী বিহু। সন্মুখত মাত্ৰ কেইটামান দিন বাকী। অসমীয়া চহা জীৱনৰ ডেকা-বুঢ়া সকলো এতিয়া ব্যস্ত হেঁপাহৰ ভোগালীক আদৰিবলৈ। ভোগালীক আদৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি৷

ব্যতিক্ৰম নহয় দৰং জিলাও ৷ জিলাখনৰ জনাৰামচৌকাৰ নিকতবৰ্তী শালৈপাৰা গাওঁ। গাওঁখনৰ ডেকাসকলে সাজি উলিয়াইছে টাইটানিকৰ আৰ্হিৰ এটা ভেলাঘৰ। য'ত ব্যৱহাৰ হৈছে তিনি শতাধিক বাঁহ।

গাওঁখনৰ সকলোৱে উৎসাহিত কৰিছে ডেকাসকলক। এই ভেলাঘৰতে উৰুকাৰ ৰাতি গাঁওৰ সকলো মিলি হাঁহে-মাহে, চিতল,ভকুৱা, ছাগলীৰে উদাৰ পুৰাই খাব এসাজ। তাকেই লৈ গাওঁখনত এতিয়া উখল মাখল পৰিবেশ।