দৰং

ছিপাঝাৰত বিপিএফৰ ফ্ল'প শ্ব' !

Asomiya Pratidin

ডিজিটেল সংবাদ,মঙলদৈঃ দেওবাৰে ছিপাঝাৰৰ পৰা অহা বাটে উভতি গ'ল বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ৷ নিৰ্বাচনক উদ্দেশ্যি আজি ছিপাঝাৰত দুখনকৈ প্ৰচাৰ সভাৰ আয়োজন কৰিছিল বিপিএফে কিন্তু সভাত দূৰ্গাদাস বড়ো,প্ৰাক্তন মন্ত্ৰী ৰিহণ দৈমাৰী আৰু হাগ্ৰামাৰ ভাষণ শুনিবলৈ নাহিল মানুহ।

ছিপাঝাৰৰ ঘোৰাবান্ধা আৰু বুঢ়াত অনুষ্ঠিত সভাত মানুহ উপস্থিত নথকাত সভা অনুষ্ঠিত কৰিব নোৱাৰিলে বিপিএফে৷ সেয়ে অহা বাটে উভতি গ'ল হাগ্ৰামাৰ লগতে নিৰ্বাচনী প্ৰাৰ্থী দূৰ্গাদাস বড়ো আৰু প্ৰাক্তন মন্ত্ৰী ৰিহণ দৈমাৰী ৷ অৱশ্যে সভাৰ কাৰ্যসূচী সালসলনি হোৱাৰ বাবেহে সভাত মানুহ হোৱা নাই বুলি উল্লেখ কৰে হাগ্ৰামা মহিলাৰীয়ে।

উল্লেখ্য যে, দৰং-ওদালগুৰি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াই বিপিএফ ৰ লগত পৰাজয় বৰণ কৰিব। লগতে ছিপাঝাৰ সমষ্টিত বিপিএফৰ সাংগঠনিক ভেটি নথকাৰ পিছতো ২৫/৩০ হাজাৰ ভোট পাবলৈ সক্ষম হ'ব বুলি দাবী কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ আনহাতে নৱ শৰণীয়াৰ মনোনয়ন বাতিল সন্দৰ্ভত উত্তৰ দিব নিবিছাৰিলে হাগ্ৰামা মহিলাৰীয়ে ৷