মঙলদৈৰ ৰাজপথত আছুৱে জ্বলালে 'কা'ৰ প্ৰতিলিপি 
দৰং

মঙলদৈৰ ৰাজপথত আছুৱে জ্বলালে 'কা'ৰ প্ৰতিলিপি

Asomiya Pratidin

ডিজিটেল সংবাদ মঙলদৈঃ সমগ্ৰ দেশজুৰি আজি জাৰি হ'ল নাগৰিকত্ব সংশোধনী আইনৰ কাৰ্যবিধি। ইয়াৰ লগে লগে ৰাজ্যজুৰি আৰম্ভ হৈছে প্ৰতিবাদ।

দৰং জিলাতো আজি সন্ধিয়াৰে পৰা আৰম্ভ হৈছে প্ৰতিবাদ। মঙদলৈত সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যসকলে ওলাই আহি এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। সংগঠনটোৱে মঙলদৈৰ ৰাজপথৰ মাজত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহ কৰি এই আইনৰ বিৰোধিতা কৰে। সমান্তৰালকৈ চৰকাৰ বিৰোধী, কা বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।