দৰং

ছিপাঝাৰত সৰ্পদংশনত শিশুৰ কৰুণ মৃত্যু

Asomiya Pratidin

ডিজিটেল সংবাদ, ছিপাঝাৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ স্বাস্থ্য বিভাগৰ আমূল পৰিৱৰ্তন ঘটোৱা বুলি ঢাকঢোল বজাই থকাৰ সময়তে ছিপাঝাৰত হাস্পতালে হাস্পতালে ঘূৰিও উপযুক্ত চিকিৎসা নোপোৱাৰ বাবেই সৰ্পই দংশন কৰা এটি শিশুৰ কৰুণ মৃত্যু হয়।

ঘটনাৰ বিৱৰণী মতে ছিপাঝাৰৰ গৰৈমাৰাৰ প্ৰয়াত পৱন চহৰীয়া আৰু মঞ্জু চহৰীয়াৰ কন্যা তথা পুনীয়া প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী ৮ বছৰীয়া পিন্সি চহৰীয়াক দেওবাৰে বিয়লি ঘৰতে খেলি থকা অৱস্থাত সৰ্পই দংশন কৰে।

ততাতৈয়াকৈ শিশুটিক ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হয়। ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এটি টি টি বেজী দিয়াৰ ১৫ মিনিটমানৰ পাছত চিকিৎসকে শিশুটিক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সেই সময়ত এম্বুলেন্স নথকাত শিশুটিক এখন বাইকেৰে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়।

মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসকে শিশুটিক সামান্য চিকিৎসা কৰি পৰ্যাপ্ত সা-সুবিধা নথকাৰ দোহাই দি শিশুটিক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। শিশুটিক এম্বুলেন্সেৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ গৈ থকা অৱস্থাত শিশুটিৰ মাত-বোল নোহোৱা হয়। লগে লগে বাইহাটা চাৰিআলিৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায়।

উক্ত চিকিৎসালয়ত ডাক্তৰে শিশুটিক মৃত ঘোষণা কৰে। শিশুটিৰ মৃতদেহ ঘৰলৈ অনাৰ পিছত মৃতদেহৰ পৰা প্ৰস্ৰাৱ ওলোৱাত শিশুটি জীৱিত থকা সন্দেহ কৰি গাঁৱৰ ৰাইজে শিশুটিক এজন কবিৰাজৰ ওচৰলৈ নিয়াৰ পৰামৰ্শ দিয়ে। সেই অনুসৰি শিশুটিক পুৰ্বজ্যোতি চকৰ সমীপৰ এজন কবিৰাজৰ ওচৰলৈ লৈ যোৱা হয়। কবিৰাজজনে শিশুটিক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়াৰ পৰামৰ্শ দিয়ে।

শিশুটি জীৱিত থাকিব পাৰে বুলি ভাবি পৰিয়ালৰ লোকে নিশা ১০ মান বজাত শিশুটি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়ে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসকে শিশুটি মৃত ঘোষণা কৰে। প্ৰাপ্ত খবৰ অনুসৰি ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এন্টিভেনম আছিল যদিও ই চি জি কৰিবলৈ চিকিৎসালয়খনত এজনো টেকনিচিয়ান নথকাৰ বাবে চিকিৎসকে শিশুটিক এন্টিভেনম দিবলৈ সাহস নকৰিলে।

ছিপাঝাৰৰ একমাত্ৰ এফ আৰ ইউ চিকিৎসালয়খনত সকলো সা-সুবিধা থকাটো জৰুৰী যদিও চিকিৎসালয়খনত নাই প্ৰয়োজনীয় বিশেষজ্ঞ চিকিৎসক,টেকনিচিয়ান,পৰ্যাপ্ত সা-সুবিধা। এনে শোচনীয় অৱস্থাৰ বাবে উপয়ুক্ত চিকিৎসাৰ অভাৱত এনেদৰে বিভিন্ন সময়ত ৰোগীয়ে মৃত্যুক সাবটি লবলগীয়া হৈছে।

মঙলদৈ অসামৰিক চিকিৎসালয়তো নাই আই চি ইউ পৰ্যাপ্ত সা- সুবিধা। স্বাস্থ্য বিভাগৰ আমূল পৰিৱৰ্তন হোৱা বুলি ঢাকঢোল বজাই অহাৰ সময়ত চিকিৎসালয়ে চিকিৎসালয়ে ঘূৰিও উপযুক্ত চিকিৎসা নাপালে শিশুটিয়ে। চিকিৎসাৰ অভাৱতে শিশুটিয়ে কৰুণভাৱে মৃত্যুক সাবটি লবলগীয়া হয়। শিশুটিৰ মৃত্যুত সমগ্ৰ অঞ্চলটিত গভীৰ শোকৰ ছাঁ পৰিছে।