নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মঙলদৈত আছুৰ প্ৰতিবাদ 
দৰং

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মঙলদৈত আছুৰ প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ মঙলদৈ: সদৌ অসম ছাত্ৰ সন্থাই মঙ্গলবাৰে ৰাজ্যৰ ভিন্ন জিলাত পুনৰ আৰম্ভ কৰিছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন। মঙলদৈতো দৰং জিলা ছাত্ৰ সন্থাই মঙ্গলবাৰে পুনৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। লক্ষ্যণীয় ভাৱে এই প্ৰতিবাদ অংশগ্ৰহণ কৰিলে ১০ ৰ পৰা ১২ গৰাকী আছু নেতা, কৰ্মীয়ে।

উল্লেখ্য যে, সোমবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত এক সংবাদ মেল সম্বোধন কৰি কৈছিল-অসম আৰক্ষীক ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতলৈ অমুছলমান বিদেশীৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত গোচৰ নতৰিবলৈ অসম চৰকাৰৰ গৃহ বিভাগে নিৰ্দেশ জাৰি কৰিছে। যোৱা ৫ জুলাইত অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ সচিবে অসম আৰক্ষীৰ সীমান্ত শাখাৰ বিশেষ সঞ্চালক প্ৰধানলৈ পত্ৰ প্ৰেৰণ কৰি  ২০১৪ ৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতলৈ অহা বাংলাদেশ, আফগানিস্তান, পাকিস্তানৰ হিন্দু, বৌদ্ধ, পাৰ্চী, জৈন, খ্ৰীষ্টিয়ান আৰু শিখ ধৰ্মীয় শৰনাৰ্থীক বিদেশী ন্যায়াধীকৰণত গোচৰ নতৰিবলৈ নিৰ্দেশ জনাইছে।

মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্যতে ২০১৪ ৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতলৈ অহা বিদেশীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন নকৰিবলৈ দিয়া নিৰ্দেশনাৰ বিষয়টো স্পষ্ট হোৱাত সদৌ অসম ছাত্ৰ সন্থাই ইয়াৰ বিৰোধিতাৰে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে। আজি দৰং জিলা ছাত্ৰ সন্থাই মঙলদৈ চহৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত গৃহ বিভাগৰ এই নিৰ্দেশনাৰ প্ৰতিকী প্ৰতিলিপী দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰিও নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধেও শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদত জিলা ছাত্ৰ সন্থাৰ নেতা, কৰ্মীকে উপস্থিতি আছিল লক্ষ্যণীয় ভাবে তেনেই সেৰেঙা।