দৰং

লোকসভা নিৰ্বাচনৰ পূৰ্বে ভোট বৰ্জনৰ হুংকাৰ দৰঙত

Asomiya Pratidin

ডিজিটেল সংবাদ,‌ মঙলদৈঃ চৰকাৰে চাৰিওফালে উন্নয়নৰ ধাকঢোল বজাই থকাৰ সময়তে দৰঙৰ ছিপাঝাৰ সমষ্টিৰ উত্তৰ কমাৰপাৰা আৰু দগিয়াপাৰা ৰাইজ সদায় বঞ্চিত হৈ আহিছে চৰকাৰী সুবিধাৰ পৰা ৷ প্ৰায় কুৰি বছৰে গাঁওখনলৈ অহা যোৱা কৰা একমাত্ৰ পথটিত পৰা নাই এচপৰাও মাটি ৷ সেয়ে গাঁওখনৰ ৰাইজে জৰাজীৰ্ণ পথটি মেৰামতি কৰিবলৈ সোমবাৰে ওলাই আহিল।

বিধায়ক পৰমানন্দ ৰাজবংশী আৰু সাংসদ দিলীপ শইকীয়াৰ ওপৰত ক্ষোভ এইসকল ৰাইজৰ ৷ বিগত ৫ বছৰত সাংসদগৰাকী গাঁওখনলৈ স্থলপথৰে নহয় বানপানীৰ সময়ত জলপথৰে এবাৰ মাত্ৰ আহিছিল গাঁওখনলৈ। সেয়ে ৰাইজে পথটি মেৰামতি কৰাই নহয় প্ৰায় ৪০০ ভোটাৰে ৰাজহুৱা সিদ্ধান্ত অনুসৰি ভোট বৰ্জনৰ সিদ্ধান্ত জনালে সংবাদ মাধ্যমক ৷ এইবাৰ লোকসভা নিৰ্বাচনত ভোট নিদিয়াৰ সিদ্ধান্ত এইসকল গঞাৰ।