দৰং

দৰঙৰ দেওমৰনৈত অসম নাট্য সন্মিলনৰ শাখা গঠন...

Asomiya Pratidin

ডিজিটেল সংবাদ, মঙলদৈঃ দৰং জিলাৰ দেওমৰনৈত শনিবাৰে অসম নাট্য সন্মিলনৰ দৰং জিলা সমিতিৰ অন্তৰ্গত অসম নাট্য সন্মিলনৰ দেওমৰনৈ শাখা এটি গঠন কৰে। সভাখন অনুষ্ঠিত হয় কৌশিকী গংগা প্ৰকল্পৰ ক্ষিৰোদানন্দ গোস্বামী ৰাজহুৱা সভাগৃহত। সভাখনত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক পৰমেশ মহন্তই।

এই সভাত উপস্থিত থাকে অসম নাট্য সন্মিলন দৰং জিলা সমিতিৰ সভাপতি মহেন্দ্ৰ ডেকা, কাৰ্যকৰী সভাপতি মৃণাল ৰাজবংশী,সাধাৰণ সম্পাদক হিৰেন ডেকা, সাংগঠনিক সম্পাদক মুকুট চন্দ্ৰ হাজৰিকা। উপস্থিত ব্যক্তিসকলে অসম নাট্য সন্মিলনৰ দেওমৰনৈ শাখা গঠনৰ লগতে নাট, সাহিত্য, সংস্কৃতিৰ বিষয়ে বক্তব্য আগবঢ়া।

লগতে দেওমৰনৈ সাহিত্য সভাৰ সভাপতি জিতেন্দ্ৰনাথ শৰ্মা, বৃহত্তৰ দেওমৰনৈ সাংবাদিক সন্থাৰ সম্পাদক দিব্যজ্যোতি শৰ্মা, অভিনেতা যোগেশ কাশ্যপ, কণ্ঠশিল্পী হৰি হৰ্ষিতৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য আগবঢ়ায় আৰু অসম নাট্য সন্মিলনৰ দেওমৰনৈ শাখা এটি গঠন কৰাত গুৰুত্ব প্ৰদান কৰে ।

অসম নাট্য সন্মিলনৰ দেওমৰনৈ শাখা গঠনৰ ৰাজহুৱা সভাত আগন্তুক দেওমৰনৈ শাখাৰ সভাপতি হেমচন্দ্ৰ বৰুৱা, কাৰ্যকৰী সভাপতি হৰিচন্দ্ৰ ডেকা, উপ-সভাপতিদ্বয় প্ৰানেশ্বৰ শৰ্মা আৰু বিনিতা চহৰীয়া, সম্পাদক নিৰঞ্জন শইকীয়া, সহকাৰী সম্পাদকদ্বয় জ্যোতিপৱন কাশ্যপ আৰু পাৰ্থজিৎ কুমাৰ, সাংগঠনিক সম্পাদকদ্বয় জিৎকমল বৰুৱা আৰু বিকাশ শইকীয়া, প্ৰচাৰ সম্পাদক অপূৰ্ব শৰ্মা আৰু কোষাধক্ষ্য মনোজ কুমাৰ শৰ্মাৰ লগতে কেইবাগৰাকীও কাৰ্যকৰী সদস্যৰে ২১জনীয়া সমিতি এখনি গঠন কৰে।

নতুনকৈ গঠন হোৱা অসম নাট্য সন্মিলন দৰং জিলা সমিতিৰ অন্তৰ্গত দেওমৰনৈ শাখা খনিক আগন্তুক দিনত নাট্যৰ দিশত দেওমৰনৈ অঞ্চলটিক আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰিছে অসম নাট্য সন্মিলনীয়ে।