দৰং কৰ্কট কেন্দ্ৰত হেল্পিংহেণ্ডৰ পুষ্টিকৰ খাদ্য বিতৰণ... 
দৰং

দৰং কৰ্কট কেন্দ্ৰত হেল্পিংহেণ্ডৰ পুষ্টিকৰ খাদ্য বিতৰণ...

Asomiya Pratidin

ডিজিটেল সংবাদ মঙলদৈঃ অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছনৰ পৃষ্ঠপোষকতাত অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত গঢ় লৈ উঠা 'মঙলদৈত দৰং কেঞ্চাৰ কেন্দ্ৰ'ত চিকিৎসা গ্ৰহণ কৰি থকা কৰ্কট ৰোগীসকলৰ মাজত আজি এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে স্বেচ্ছাসেৱী অনুষ্ঠান হেল্পিং হেণ্ডে।

সংস্থাটোৰ উদ্যোগত আজি মঙলদৈত দৰং কেঞ্চাৰ কেন্দ্ৰত চিকিৎসাধীন হৈ থকা ৰোগীসকলক পুষ্টিকৰ আহাৰ যোগান ধৰাৰ লগতে কৰ্কট ৰোগৰ সন্দৰ্ভত সজাগ-সচেতনতা বৃদ্ধিৰ হকে অনুপ্ৰেৰণামূলক কাৰ্যসূচীৰো আয়োজন কৰে।

দৰং কেঞ্চাৰ কেন্দ্ৰৰ ৰোগী সমন্বয়ক নিৰঞ্জন শইকীয়াই আঁতধৰা কাৰ্যসূচীত বক্তব্য আগবঢ়ায় হেল্পিং হেণ্ড সংস্থাৰ অধ্যক্ষ যতীন্দ্ৰনাথ কৃষ্ণ দাস, দৰং কেঞ্চাৰ কেন্দ্ৰৰ অধীক্ষক ডাঃ চৈয়দ ইফটিখাৰ চোভানী আদিয়ে। আনহাতে প্ৰতিষ্ঠানখনত চিকিৎসাধীন হৈ থকা ৰোগী উষাৰানী দেৱীয়ে ৰোগী সকলক মনোবল বৃদ্ধিৰ বাবে গীত-মাতেৰে আমোদ যোগায়।

আজি দৰং কেঞ্চাৰ কেন্দ্ৰত কেমো, ৰেডিয়েছন লৈ থকা ৰোগীৰ প্ৰায় ৫০ গৰাকীক স্বেচ্ছাসেৱী সংগঠন হেল্পিংহেণ্ড সংস্থাৰ তৰফৰপৰা পুষ্টিকৰ খাদ্য ফলমূল বিতৰণ কৰে। কাৰ্যসূচীত উপস্থিত থাকি ৰোগীসকলক পুষ্টিকৰ খাদ্য আৰু ফলমূল বিতৰণ কৰে স্বেচ্ছাসেৱী সংগঠন হেল্পিংহেণ্ড সংস্থাৰ সদস্য জিতুমণি চহৰীয়া,অনুপমা কুৰ্মী বৰা,অমল চন্দ্ৰ কলিতা আৰু ৰিংকু আলীয়ে ।

স্বেচ্ছাসেৱী সংগঠন হেল্পিংহেণ্ড সংস্থাৰ এই পদক্ষেপক আদৰণি জনাই দৰং কেঞ্চাৰ কেন্দ্ৰই। আজিৰ এই কাৰ্যসূচীত উপস্থিত থাকি সহায় আগবঢ়ায় দৰং কেঞ্চাৰ কেন্দ্ৰৰ এইছ আৰ গৌতম সন্দিকৈ, জিলা স্বাস্থ্য বিষয়া দীপমনি শৰ্মাৰ লগতে দৰং কেঞ্চাৰ কেন্দ্ৰৰ কৰ্মচাৰীসকলে।

দৰং কেঞ্চাৰ কেন্দ্ৰত চিকিৎসা গ্ৰহণ কৰি থকা ৰোগীসকলক দৰং কেঞ্চাৰ কেন্দ্ৰৰ তৰফৰ পৰাও পুষ্টিকৰ খাদ্য দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। দৰং কেঞ্চাৰ কেন্দ্ৰৰ অধিক্ষক ডাঃ চৈয়দ ইফটিখাৰ চোভানীয়ে কয় যে, কোনোবা স্বেচ্ছাসেৱী সংগঠন বা কোনোবা ব্যক্তিৰ জন্ম দিনত ৰোগীসকলক খাদ্য বস্তু দিব বিচাৰে তেন্তে দিব পাৰিব।