দৰঙত জিলা উন্নয়ন সমিতিৰ সভা সম্পন্ন... 
দৰং

দৰঙত জিলা উন্নয়ন সমিতিৰ সভা সম্পন্ন...

Asomiya Pratidin

ডিজিটেল সংবাদ মঙলদৈ: দৰং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত বৃহস্পতিবাৰে জিলা আয়ুক্ত মুণীন্দ্ৰ নাথ ঙাটেৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ এখন সভা অনুষ্ঠিত হয়। সভাত কৃষি বিভাগৰ প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা, সৰিয়হ ক্ৰয়, জৈৱ উৎপাদন আদি বিভিন্ন বিষয়ত পৰ্যালোচনা হয় ।

জিলা আয়ুক্তগৰাকীয়ে ৰাসায়নিক সাৰৰ ব্যৱহাৰ হ্ৰাস কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে, ৰাসায়নিক সাৰৰ বিকল্প ৰূপে জৈৱিক সাৰৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে ব্যাপক সচেতনতা গঢ়ি তুলিব লাগিব।

সভাত জিলা আয়ুক্তগৰাকীয়ে লোকনিৰ্মান(পথ), লোকনিৰ্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) আদি বিভাগৰ অধীনত চলি বিভিন্ন নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয় । সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জলজীৱন মিছন, শিক্ষা বিভাগৰ বিদ্যালয় একত্ৰীকৰণ আদি বিষয়ত বিস্তৃত পৰ্যালোচনা কৰা হয় ।

সভাত স্বাস্থ্য, জলসম্পদ, ভূমি সংৰক্ষণ, শ্ৰম, মীন, হস্তঁতাত আৰু বস্ত্ৰশিল্প আদি বিভাগসমূহৰ অধীনত উন্নয়ন আঁচনি আৰু প্ৰকল্পৰ কাম কাজৰ বিষয়েও বিস্তৃত পৰ্যালোচনা কৰা হয়। জিলা উন্নয়ন সমিতিৰ এই সভাত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলে পাৱাৰপইন্ট প্ৰেজেণ্টেশ্যন জৰিয়তে নিজৰ বিভাগৰ কামকাজৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে।

জিলা আয়ুক্তগৰাকীয়ে চৰকাৰী আঁচনিসমূহৰ সুফল যাতে জনসাধাৰণে সময় অনুসৰি লাভ কৰিব পাৰে তাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভিন্ন বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। এই সভাত জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকা, অতিৰিক্ত উপায়ুক্তসকল আৰু জিলাখনৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকল উপস্থিত আছিল ।