দৰং

দৰং জিলা পৰিষদত অগ্নিকাণ্ড...

Asomiya Pratidin

ডিজিটেল সংবাদ, মঙলদৈঃ দৰং জিলা পৰিষদত সোমবাৰে এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই ঘটনাত কথমপি ৰক্ষা পৰিল দৰং জিলা পৰিষদৰ কাৰ্যালয়। অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণভাৱে ভস্মীভূত হয় ডিজিটেল জেনেৰেটৰ ৷

স্বৰ্ক-চাৰ্কিটৰ ফলতেই ডিজিত জুই লগাৰ সন্দেহ কৰিছে উপস্থিত ৰাইজে। অৱশেষত উপস্থিত ৰাইজৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত কাৰ্যালয়টো ৰক্ষা পৰে।