দৰং

মঙলদৈত অবৈধ নদী খনন! চকু মুদা কুলিৰ ভাও বিভাগীয় কৰ্তৃপক্ষৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, দৰংঃ প্ৰতিদিনে শ শ ট্ৰেক্টৰ ডাম্পাৰে মাটি খনন কৰে মঙলদৈ নদীত। ইয়াৰ বিপৰীতে চকু মুদা কুলিৰ ভাও ধৰি আছে জলসম্পদ বিভাগ তথা বন বিভাগে। ইতিমধ্যে নদীত জাহ গ'ল এখন চৰকাৰী বিদ্যালয়ৰ গৃহ।

বছৰ বছৰ ধৰি খনন চলি থকাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে এখন প্ৰাথমিক বিদ্যালয় নদীৰ গাসত পৰিছে। লগতে এটি মন্দিৰ জাহ গৈছে নৈৰ বুকুত। নৈ পৰিয়া লোক ওলাব নোৱাৰা হৈছে ট্ৰেক্টৰ ডাম্পাৰ দৌৰাত্মত।

মঙলদৈ থানা আৰু মঙলদৈ বন সংমণ্ডল কাৰ্যালয়ৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ মান দূৰৈত মঙলদৈ নদীৰ কাউৰি ঘাটত প্ৰতিদিনে জে চে বি দ্বাৰা ডাম্পাৰ ট্ৰেক্টৰে অবৈধ ভাবে শ শ গাড়ী মাটি কাটি আহিছে।যাৰ ফলত নৈ পৰীয়া লোক সকলে দুৰ্ভোগ ভুগিছে।

ৰাইজে অভিযোগ কৰা অনুসৰি লাইচেন্স নোহোৱা, নম্বৰ প্লেট নোহোৱাকৈ কমবয়সীয়া চেঙেলিয়া ট্ৰেক্টৰ ডাম্পাৰৰ চালক সকলে কেতিয়া দুৰ্ঘটনা সংঘটিত কৰে একো ঠিকনা নাই।

এতিয়া প্ৰশ্ন হয় এই অবৈধ নদী খনন কোনে বাধা দিব,কোনে দায়িত্ব লব এনে নম্বৰ প্লেট বিহিন ট্ৰেক্টৰ ডাম্পাৰে দুৰ্ঘটনা সংঘটিত কৰিলে?