মঙলদৈত জাইকাই নিৰ্মাণ কৰিব অত্যাধুনিক সুবিধা যুক্ত চিকিৎসালয়... 
দৰং

মঙলদৈত জাইকাই নিৰ্মাণ কৰিব অত্যাধুনিক সুবিধা যুক্ত চিকিৎসালয়...

Asomiya Pratidin

ডিজিটেল সংবাদ মঙলদৈঃ ভোগালীৰ সময়তে দৰং বাসীলৈ সুখবৰ ৷ জাপানৰ কোম্পানী জাইকাই মঙলদৈত নিৰ্মাণ কৰিব অত্যাধুনিক সুবিধা যুক্ত চিকিৎসালয় ৷

বৃহস্পতিবাৰে মঙলদৈ অসামৰিক চিকিৎসালয়ত জাপান চৰকাৰৰ প্ৰতিনিধি যমশ্বিতা য়ুটা উপস্থিত হৈ চিকিৎসালয়খন পৰিদৰ্শন কৰে ৷ পৰিদৰ্শনৰ অন্তত সাংবাদিকৰ আগত ছমাহৰ ভিতৰত নতুন চিকিৎসালয় ভৱনটি নিৰ্মাণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে ৷

জাপান চৰকাৰৰ প্ৰতিনিধিগৰাকীক সংগ দিয়ে দৰং জিলা আয়ুক্ত মুনিন্দ্ৰ নাথ ঙাটে, মঙলদৈ অসামৰিক চিকিৎসালয়খনৰ অধীক্ষক ৰমেশ গোস্বামীৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়াসকলে ৷