দৰং

দৰং জিলাৰ কলিতা জনগোষ্ঠী সন্মিলনৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা...

Asomiya Pratidin

ডিজিটেল সংবাদ, মঙলদৈঃ অবিভক্ত দৰং জিলাৰ কলিতা জনগোষ্ঠী সন্মিলনৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাখন মঙলবাৰে দিপীলা আঞ্চলিক চিনিয়ৰ চেকেণ্ডেৰী স্কুলত অনুষ্ঠিত হয়। খটৰা শাখাৰ উদ্যোগত জিলা সমিতিৰ সভাপতি ৰাম চন্দ্ৰ চহৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপ সভাপতি ৰূপেশ্বৰ ভূঞা, নগৰ শাখাৰ সভাপতি মহেন্দ্ৰ কটকী, বিপিন বৰুৱা, গিতীকা কাকতি, সুৰেন্দ্ৰ বৰুৱা আদিয়ে বক্তব্য দাঙি ধৰে।

সম্পাদক ব্ৰজেন কলিতাই উদ্দেশ্য বাখ্যা কৰা সভাখনত বিভিন্ন দিশ আলোচনাৰ অন্তত ২০২৪-২৫বৰ্ষৰ কৰ্মসূচীৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ উপৰি আগন্তুক দ্বিতীয়বৰ্ষৰ বাবে বিত্তীয়, মুখপত্ৰ, সাহিত্য, শিক্ষা আৰু বিদ্যায়তনিক , সংবিধান সংশোধনী, ন্যায়সমিতি সাংস্কৃতিক, যুৱমন্চ, মহিলা মঞ্চ, প্ৰচাৰ আদি উপ সমিতি গঠন কৰি পূৰ্ণাংগ দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়।