দৰং

কাৰ্গিল বিজয় উৎসৱ : মঙলদৈত বিনামূলীয়া চিকিৎসা শিবিৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,মঙলদৈ : কাৰ্গিল বিয়জ উৎসৱ উপলক্ষে মঙলদৈত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰে। উল্লেখ্য যে ১৯৯৯ চনত ভাৰত-পাকিস্তানৰ মাজত হোৱা কার্গিল যুদ্ধত ভাৰতে বিজয় সাৱ্যস্ত কৰিছিল।

কাৰ্গিল বিজয়ৰ এই ২৫ সংখ্যক বৰ্ষ দেশজুৰি বিভিন্ন দল সংগঠনে বিভিন্ন কাৰ্য্যসূচীৰে পালন কৰিছে। মঙলদৈত ভাৰতীয় সেনাই কাৰ্গীল বিজয় উপলক্ষে এই বিশেষ দিনটোত এটি বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে মঙলদৈৰ দাঁতি-কাষৰীয়া বৃহত্তৰ গেৰিমাৰী অঞ্চল কিছুদিন আগত বানপানীৰ কৱলত পৰিছিল। বানপীড়িত অঞ্চলত বানপানী কমি যোৱাৰ পিছতেই সৃষ্টি হয় বিভিন্ন ৰোগৰ।

এই ৰোগ নিৰ্মূলকৰণৰ অৰ্থে মঙলদৈ মহৰ্ষি বিদ্যা মন্দিৰত ভাৰতীয় সেনাৰ লগতে দৰং জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ দ্বাৰা প্ৰদান কৰে বিনামূলীয়া চিকিৎসা সেৱা। এই চিকিৎসা শিবিৰত ৫০০ কৈয়ো অধিক ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱা হয়।