দৰং

দৰঙত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভ উদ্ধোধনী...

Asomiya Pratidin

ডিজিটেল সংবাদ, মঙলদৈঃ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে দৰঙতো পহিলা জুনৰ পৰা ৰূপায়িত হৈ আছে মেলেৰিয়া প্ৰতিৰোধী মাহৰ কাৰ্য্যসূচী। এই কাৰ্য্যসূচী বুধবাৰে আনুষ্ঠানিকভাবে শুভ উদ্ধোধন কৰে দৰঙৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্য্যই। মঙলদৈ অসামৰিক চিকিৎসালয়ত অনুষ্ঠিত এই শুভ উদ্ধোধনী সভাত এই মাহ জোৰা কাৰ্য্যসূচী আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰি যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক গৰাকীয়ে উপস্থিত সকলোকে এই মাহটোত মেলেৰিয়া ৰোগ সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে আহ্বান জনায়। এই মাহটোত হবলগীয়া সকলো সজাগতামূলক কাৰ্য্যসূচী ভালদৰে অনুষ্ঠিত কৰিবলৈ সকলো স্বাস্থ্য কৰ্মীৰ প্ৰতি আহ্বান জনায়।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা মাধ্যম বিশেষজ্ঞ জাহ্নৱী শৰ্মাই অনুষ্ঠানটিৰ আঁত ধৰে। অনুষ্ঠানটিত মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া (সংক্ৰামক ৰোগ) ডাঃ দিল্লীৰাম অধিকাৰী, মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰমেশ চন্দ্ৰ গোস্বামী, জিলা যক্ষ্মা বিষয়া ডাঃ মালবিকা গগৈ, জিলা মেলেৰিয়া বিষয়া শ্যাম প্ৰসাদ বৰুৱা, জিলা সামূহিক সংগঠক মল্লিকা দেৱী, জিলা পৰামৰ্শদাতা (বাহকজনিত ৰোগ) ডঃ সুদৰ্শনা মহন্ত, জিলা সমন্নয়ক ৰতিকা কলিতা, জিলা আৰু খণ্ড পৰ্যায়ৰ কেইবাগৰাকীও বিষয়া কৰ্মচাৰী উপস্থিত থাকে। আনহাতে এই অনুষ্ঠানতে বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি সংবাদকৰ্মী সকলৰ মাজত জিলা স্বাস্থ্য সমিতিৰ তৰফৰ পৰা গছপুলি বিতৰণ কৰা হয়।