দৰং

মঙলদৈত খাদ্যত বিষক্ৰিয়াঃ অসুস্থ একে পৰিয়ালৰ ৩ গৰাকীকৈ লোক...

Asomiya Pratidin

ডিজিটেল সংবাদ,মঙলদৈ: মঙলদৈ ভেবাৰঘাটত খাদ্যত বিষক্ৰিয়া হৈ চিকিৎসাধীন একেটা পৰিয়ালৰ ৩জনকৈ লোক। জানিব পৰা মতে, দুৰ্গেশ্বৰ দাস,প্ৰাঞ্জীত দাস আৰু মাতৃ অৰ্পনা দাসে সোমবাৰে আবেলি ভাত খোৱাৰ পিছৰ পৰাই অসুস্থ হৈ পৰে।

অসুস্থ হৈ ঘৰত পৰি থাকে ৩গৰাকী । গধুলি তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ মেনেজাৰ আহি তিনিওকে মুমূৰ্ষ অৱস্থাত দেখি লগে লগে মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।

মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি গুৰুতৰ অসুস্থতাৰ বাবে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, কি খাদ্যত বিষক্ৰিয়া হৈ পৰিয়ালটোৰ আটাইকেইজন অসুস্থ হয় সেই কথা এতিয়াও স্পষ্ট হোৱা নাই। বিভিন্ন জনে এই ঘটনাৰ তদন্ত বিচাৰিছে। উচিত তদন্তত হে ইয়াৰ কাৰণ উদঘাটন হ'ব বুলি ওচৰ চুবুৰিয়াই আশা প্ৰকাশ কৰে।