ROAD ACCIDENT  
দৰং

মঙলদৈৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল এজনৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, মঙলদৈঃ পুৱতি নিশা মঙলদৈ চপাইত দুৰ্ঘটনা। বৃহস্পতিবাৰে পুৱতি নিশা মঙলদৈ চপাইত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাত মঙলদৈ হাউলী মোহন পুৰৰ কমলেশ্বৰ ডেকা নামৰ লোক জনৰ মৃত্যু হয়।

লোকজনে চাইকেল চলাই আহি থকা অৱস্থাত তীব্ৰ বেগেৰে অহা এখন বাইকে খুন্দা মাৰি পেলাই থৈ যায়। ওচৰ চুবুৰীয়াই লোক জনক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ আনে যদিও চিকিৎসকে তেখেতক মৃত ঘোষণা কৰে।