দৰং

মঙলদৈ বিধানসভা সাংস্কৃতিক মহাৰণৰ সফল সামৰণি

Asomiya Pratidin

ডিজিটেল সংবাদ,‌মঙলদৈ : অসম চাকাৰৰ সাংস্কৃতিক মন্ত্ৰনালয়ৰ উদ্যোগত আয়োজিত মঙলদৈ বিধানসভা ভিত্তিত অনুষ্ঠিত সাংস্কৃতিক মহাৰণৰ দেওবাৰে গধূলি সফল সামৰণি পৰে ৷ মঙলদৈ পুথিভঁৰাল প্ৰেক্ষগৃহত বিগত ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ হোৱা সংগীত মহাৰণৰ সামৰণি পৰে ৷

সামৰণি অনুষ্ঠানত মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাসৰ উপৰি দৰং জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকা, পৌৰপতি নিৰ্মালি দেৱী, দৰং জিলা বিজেপিৰ উপ সভাপতি প্ৰতাপ বৰদলৈ উপস্থিত থাকে ৷ মঙলদৈ বিধানসভা পৰা নিৰ্বাচিত প্ৰতিযোগীসকলে জিলা ভিত্তিত আয়োজিত প্ৰতিযোগিতাত সফলতা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে বিধায়ক বসন্ত কুমাৰ দাসে ৷

সাংস্কৃতিক মহাৰণৰ সামৰণি অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি উন্নয়ন আয়ুক্ত পংকজ ডেকাই ছাত্ৰছাত্ৰী সকলক পাঠ ভিত্তিক অধ্যয়নৰ লগতে গীত মাত আৰু খেল-ধেমালিৰ প্ৰয়োজন আছে বুলি মত পোষণ কৰে ৷ পুৰস্কাৰপ্ৰাপ্ত প্ৰতিযোগীলৈ আৰ্থিক অনুদান ৰাজ্য চৰকাৰে আগবঢ়াব বুলি ঘোষণা কৰে ৷