দৰং

এখন আদৰ্শ মহাবিদ্যালয়ঃ প্ৰতি বুধবাৰে পৰিধান কৰে জাতীয় সাজ

Asomiya Pratidin

ডিজিটেল সংবাদ,‌ মঙলদৈঃ অলপতে সগৌৰৱে আৰু সফলতাৰে সোণালী জয়ন্তী উদযাপন হৈ যোৱা মঙলদৈ শিক্ষক শিক্ষণ মহাবিদ্যালয়ে ইটো-সিটো দৃষ্টান্তৰে আদৰ্শ স্থাপন কৰাটো সচেতন মহলৰ দৃষ্টিগোচৰ হৈছে ৷ তাৰে ভিতৰত শেহতীয়াভাৱে হৈছে প্ৰতি বুধবাৰে সকলোৱে জাতীয় সাজ পৰিধান কৰি উপস্থিত হয় মহাবিদ্যালয়খনত ৷

উল্লেখ্য যে ৰাজ্য চৰকাৰে প্ৰতি শনিবাৰে কৰ্মচাৰীসকলক জাতীয় সাজ পৰিধান কৰি আহিবলৈ যিটো আহ্বান জনাইছিল সেয়া কাৰ্যতঃ ফুটুকাৰ ফেনত পৰিণত হ’ল ৷ তাৰ বিপৰীতে ঐতিহ্যমণ্ডিত এই শিক্ষানুষ্ঠানখনৰ সকলো শিক্ষক, প্ৰশিক্ষক আৰু কৰ্মচাৰীয়ে নিজা নিজা জাতীয় সাজ পৰিধান কৰি মহাবিদ্যালয়খনত উপস্থিত হৈ এক বৰ্ণাঢ্য পৰিবেশৰ সৃষ্টি কৰে ৷

অধ্যক্ষ তপন কুমাৰ শৰ্মাই জনোৱা মতে শিক্ষকেই যিহেতু ইয়াত প্ৰশিক্ষাৰ্থী, গতিকে এইখন মহাবিদ্যালয় আন শিক্ষানুষ্ঠানতকৈ পৃথক ৷ তেওঁ আৰু কয়, “ আমাৰ শিক্ষক আৰু প্ৰশিক্ষাৰ্থীৰূপী শিক্ষকসকলে ভাল আদৰ্শ দেখুৱালেহে , আমাৰ সমাজখনে অনুকৰণ কৰিব ৷ সেয়ে আমি এইদৰে সকলোৰে সন্মতিত জাতীয় সাজ পৰিধানৰ ব্যৱস্থা কৰিছো ৷ “

উল্লেখ্য যে জাতীয় সাজ হিচাবে পাঞ্জাৱী চোলাৰ স’তে ধুতি বা পায়জামা, মুগা ৰঙৰ মেখেলা, ৰঙা পাৰিৰ চাদৰ, ৰঙা ব্লাউজ, সেইদৰে দখনা আদি পৰিধান কৰা পৰিলক্ষিত হৈছে ৷ আনহাতে দৰঙৰ আন আন শিক্ষানুষ্ঠান সমূহতো এইদৰে অসমৰ আপুৰুগীয়া জাতীয় সাজ প্ৰযোজ্য হোৱাটো কামনা কৰিছে সচেতন মহলে ৷