মঙলদৈত আৰক্ষীয়ে খেদি খেদি ধৰিলে নিষিদ্ধ দ্ৰব্যৰ অবৈধ ব্যৱসায়িক... 
দৰং

মঙলদৈত আৰক্ষীয়ে খেদি খেদি ধৰিলে নিষিদ্ধ দ্ৰব্যৰ অবৈধ ব্যৱসায়িক...

Asomiya Pratidin

ডিজিটেল সংবাদ মঙলদৈঃ অৰ্ধ শতাধিক ড্ৰাগছ কণ্টেইনাৰ সহ শুকুৰবাৰে গধুলি ইনতাজ আলী নামৰ ড্ৰাগছ ব্যৱসায়ী এজনক আটক কৰে মঙলদৈ আৰক্ষীয়ে । জে'লৰপৰা ওলাই আহিয়েই পুনৰ ড্ৰাগছ ব্যৱসায়ত লিপ্ত হোৱা মঙলদৈ ২ নং ৱাৰ্ডৰ ইনতাজ আলীয়ে মঙলদৈ চহৰৰ মাজমজিয়াতে ড্ৰাগছৰ বেহা চলাই থকা সময়তে আৰক্ষীয়ে ইনতাজক ধৰিবলৈ সক্ষম হয়।

মঙলদৈ চহৰৰ মাজমজিয়াত ড্ৰাগছৰ বেহাৰ মাষ্টাৰ মাইণ্ড ইনতাজে পূৰ্বেও ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈ জে'ললৈ গৈছিল। জে'লৰ পৰা ওলায়েই পুনৰ ইনতাজে অবৈধ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত হয় আৰু নিশা মঙলদৈ চহৰৰ মাজমজিয়াত ব্যৱসায় আৰম্ভ কৰাত মঙলদৈ সদৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ইনতাজক আটক কৰিবলৈ সক্ষম হয়।

সম্প্ৰতি ইনতাজক মঙলদৈ সদৰ আৰক্ষী ঘটনাৰ অধিক তদন্তৰ বাবে সোধপোছ অব্যাহত ৰাখিছে।