দৰং

মঙলদৈত নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন...

Asomiya Pratidin

ডিজিটেল সংবাদ, মঙলদৈ : আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। দৰং জিলা প্ৰশাসনৰ উদ্যোগত মঙলদৈ মহাবিদ্যালয়তো নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস-২০২৩ পালন কৰা হয়।

পুৱা সাত বজাৰ পৰা অনুষ্ঠিত এই যোগ দিৱসত জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাতে, আৰক্ষী অধীক্ষক প্ৰকাশ সোনোৱাল, মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমলা কান্ত বৰাৰ লগতে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী, শিক্ষাবিদ, স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বহু সংখ্যক সৰ্বসাধাৰণ লোকে অংশগ্ৰহণ কৰে এই দিৱসত।

সমুহীয়া যোগ শেষ হোৱাৰ পিছতে চাৰিটা পৰ্যায়ত যোগাসনৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। 'ক' শাখাত ১০ বছৰ বয়স পৰ্যন্ত, 'খ' শাখাত ১০-১৮ বছৰ, 'গ' শাখাত ১৮-৩৫ বছৰ বয়সৰ আৰু 'ঘ' শাখাত ৩৫ বছৰৰ ঊৰ্দ্ধৰ বয়সৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ।