যোৰহাটৰ ৰাজা দাসৰ শিৰত মিষ্টাৰ অসমৰ খিতাপ... 
দৰং

যোৰহাটৰ ৰাজা দাসৰ শিৰত মিষ্টাৰ অসমৰ খিতাপ...

Asomiya Pratidin

ডিজিটেল সংবাদ মঙলদৈঃ শুকুৰবাৰে নিশা মঙলদৈ দৰং জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অপুল ডেকা সোঁৱৰণী মিষ্টাৰ অসম প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে এই মিষ্টাৰ অসম প্ৰতিযোগিতাত।

প্ৰতিযোগিতাত যোৰহাটৰ ৰাজা দাসে ছিনিয়ৰ কেটেগৰিত মিষ্টাৰ অসম খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু মঙলদৈৰ জ্যোতিৰ্ময় শৰ্মাই মাষ্টাৰ্ছ কেটেগৰিত মিষ্টাৰ অসম খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে।

ইফালে উদ্যোগতাসকলে দেশত বা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ল'ৰা,ছোৱালীয়ে নিচাযুক্ত দ্ৰব্যৰ প্ৰতি অধিক আকৰ্ষিত হৈছে। ফলত সমাজ ব্যৱস্থা বিনষ্ট হোৱাৰ পৰিপ্ৰেক্ষিতত নৱপ্ৰজন্মক এই অভ্যাসৰ পৰা দূৰত থাকি শৰীৰৰ চৰ্চাৰে সুস্থ হৈ থাকিবলৈও আহ্বান জনাইছে।