মঙলদৈত আম পাৰিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু... 
দৰং

মঙলদৈত আম পাৰিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু...

Asomiya Pratidin

ডিজিটেল সংবাদ মঙলদৈঃ মঙলদৈ ভকতপাৰা কলিতা পাৰাত সংঘটিত হৈছে এক শোকাবহ ঘটনা। বতৰৰ আম খাবলৈ গৈ প্ৰাণ গ'ল এজন লোকৰ। ঘটনাৰ বিৱৰণ অনুসৰি এডাল বাঁহেৰে আম পাৰিবলৈ গৈছিল ভকতপাৰা কলিতা পাৰাৰ কৃষ্ণ নাথ নামৰ লোকজন।

ইফালে আম গছডালত বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগ হৈ আছিল। এই তাঁৰত তেওঁ ব্যৱহাৰ কৰা কেঁচা বাঁহডাল লাগি যোৱাতে তেওঁ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰে।

দুটি কন্যা সন্তানৰ পিতৃ কৃষ্ণ নাথৰ এইদৰে মৃত্যু হোৱা ঘটৱাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।