সাংসদ দিলীপ শইকীয়াৰ উপস্থিতিত ৩ শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান 
দৰং

সাংসদ দিলীপ শইকীয়াৰ উপস্থিতিত ৩ শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান

Asomiya Pratidin

ডিজিটেল সংবাদ মঙলদৈঃ লোকসভা নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে ক্ৰমে আগৰ মঙলদৈ লোকসভা সমষ্টি বৰ্তমানৰ দৰং- ওদালগুৰি সমষ্টিৰ পদত্যাগ আৰু যোগদানৰ জোৱাৰ উঠিছে। মঙলবাৰে মঙলদৈ বিধানসভা সমষ্টিৰ পূৱ মঙলদৈ, পশ্চিম মঙলদৈ, মঙলদৈ টাউন কমিটিৰ প্ৰায় ৩০০ কংগ্ৰেছ কৰ্মীয়ে সমূহীয়া পদত্যাগ কৰাৰ পিছত বুধবাৰে সকলো পদত্যাগ কৰা কংগ্ৰেছ নেতৃত্ব আৰু কৰ্মীয়ে বিজেপি দলত যোগদান কৰে।

জিলা বিজেপি কাৰ্যালয়ত অনুষ্ঠিত জিলা সভাপতি অমৰেন্দ্ৰ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত যোগদান কাৰ্যসূচীত সংসদ তথা দৰং ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াই আদৰণী জনাই। আজি বিজেপি দলত যোগদান কৰা কংগ্ৰেছ বিষয়ববিয়া আৰু কৰ্মীসকল হৈছে- পশ্চিম মঙলদৈ ব্লক কংগ্ৰেছৰ সভাপতি বিপুল কুমাৰ ডেকা, মঙলদৈ টাউন ব্লক কংগ্ৰেছৰ সভাপতি ৰাকেশ বৰুৱা, দৰং জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী অনিতা ৰাজবংশী, কংগ্ৰেছ নেতা ইব্ৰাহিম তালুকদাৰ, ইয়ং ব্ৰিগেডৰ সভাপতি কমৰুল ইছলাম, সাধাৰণ সম্পাদক সৰলা কলিতা, দৰং জিলা কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সদস্য দ্বীপ কিশোৰ শইকীয়া, দৰং জিলা কংগ্ৰেছৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ইলিয়াছ দেৱান, সাধাৰণ সম্পাদক চাহিল আলম ইত্যাদি। ইয়াৰ বাহিৰেও মঙলদৈ সমষ্টি যুৱ কংগ্ৰেছ, মঙলদৈ কংগ্ৰেছ সেৱা দলৰ বিভিন্ন বিষয়ববীয়া, দৰং জিলা কংগ্ৰেছৰ বিভিন্ন মণ্ডল সভাপতি, পঞ্চায়তৰ প্ৰাক্তন সভাপতি আদিকে ধৰি ৩০০ বিষয়ববীয়া আৰু কৰ্মী।