দৰং

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাৰ ৰাজনৈতিক পৰ্যটনস্থলী উত্তৰ পূৰ্বাঞ্চলঃপবিত্ৰ মাৰ্ঘেৰিটা

Asomiya Pratidin

ডিজিটেল সংবাদ, মঙলদৈঃ বুধবাৰে মঙলদৈত উপস্থিত হয় সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা পবিত্ৰ মাৰ্ঘেৰিটা।সাংসদ দিলীপ শইকীয়াৰ বাসগৃহত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ ধন ৰোগীয়া হিতাধিকাৰীক প্ৰদান অনুষ্ঠানত উপস্থিত থাকে সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা গৰাকী।

সাংবাদিকৰ সন্মুখত মাৰ্ঘেৰিটাই কংগ্ৰেছৰ আগন্তুক ন্যায় যাত্ৰা কাৰ্যসূচী সম্পৰ্কত কংগ্ৰেছক কটাক্ষ কৰে। তেওঁ কয় যে, উত্তৰ পূৰ্বাঞ্চল কংগ্ৰেছ নেতাৰ বাবে ৰাজনৈতিক পৰ্যটনস্থলীহে। নিৰ্বাচন আহিলে তেওঁলোক অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ আহে তাৰ পাঁচত পাহৰি যায়। উদাহৰণ স্বৰূপে ডঃ মনমোহন সিং, ৰাহুল গান্ধী।

লগতে কয় যে, আনহাতে ন্যায় যাত্ৰাৰ কথা কোৱা কংগ্ৰেছে প্ৰথমে ৮৫৫ গৰাকী লোকক হত্যা কৰাৰ উত্তৰ দিয়ক, মিজোৰামত এয়াৰ ষ্ট্ৰাইক কৰাৰ উত্তৰ দিয়ক, গোষ্ঠী সংঘৰ্ষৰ উত্তৰ দিয়ক তাৰ পাছতহে ন্যায় যাত্ৰা কৰা উচিত। আনহাতে সাংসদ দিলীপ শইকীয়াই কয় যে ন্যায় যাত্ৰাৰ পূৰ্বে কংগ্ৰেছ এ পৰশুৰাম কুণ্ডত স্নান কৰি আহক।