আজিৰে পৰা আৰম্ভ দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰৰ পাচেতি মহোৎসৱ 
দৰং

আজিৰে পৰা আৰম্ভ দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰৰ পাচেতি মহোৎসৱ

Asomiya Pratidin

ডিজিটেল সংবাদ মঙলদৈ: দৰঙৰ ঐতিহাসিক খটৰা সত্ৰত আজিৰে পৰা আৰম্ভ হৈছে পাচেতি মহোৎসৱ ৷ আজিৰে পৰা মুঠ চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'ব এই পাচেতি মহোৎসৱ ৷

মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য লেচাকোণীয়া গোবিন্দ আতাই ৪৫৬ বছৰ পূৰ্বে স্থাপন কৰা খটৰা সত্ৰত প্ৰতিষ্ঠা কালৰে পৰা অনুষ্ঠিত হৈ আহিছে এই পাচেতি মহোৎসৱ৷ সোমবাৰে গধুলি অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই আনুষ্ঠানিক ভাৱে পাচেতি মহোৎসৱ শুভাৰম্ভ কৰে৷

মন্ত্ৰীগৰাকীক সংগ দিয়ে সাংসদ দিলীপ শইকীয়া আৰু বিধায়ক পৰমানন্দ ৰাজবংশীয়ে৷ উল্লেখযোগ্য যে পাচেতি মহোৎসৱত উপস্থিত থকাৰ কথা আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ৷

বিশেষ কাৰণত মুখ্যমন্ত্ৰী উপস্থিত থাকিব নোৱাৰাত তেওঁৰ হৈ উপস্থিত থাকে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ৷ তেওঁ ভাষণত খটৰা সত্ৰক পৰ্যতনস্থলী হিচাপে উন্নত কৰি তুলিবলৈ ইয়াৰ আঁন্তগাথনি নিৰ্মাণৰ ব্যৱস্থা কৰিব বুলি উল্লেখ কৰে।