দৰং

কবি ভবানন্দ ৰাজখোৱাৰ ১০৬ সংখ্যক ওপজাদিনত স্মৃতিচাৰণ অনুষ্ঠান

Asomiya Pratidin

ডিজিটেল সংবাদ,‌মঙলদৈ : সাহিত্য জগতত খৰিকাজাঁই কবি হিচাপে খ্যাত ভবানন্দ ৰাজখোৱাৰ ১০৬ সংখ্যক ওপজাদিনটো শুকুৰবাৰে দৰং জিলা সাহিত্য সভাৰ শতদল শাখা সাহিত্য সভা,খৰিকাজাই শাখা সাহিত্য সভাৰ উদ্যোগত মিলিজুলি মইনা পাৰিজাত ভৱনত অনুষ্ঠিত হয়। অনুষ্ঠানত কবিগৰাকীক শ্রদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ কৰা হয়।

পুৱা ৮-৪৫ বজাত বন্তি প্রজ্জ্বলন কাৰ্যসূচী ৰূপায়ন কৰা হয়। অনুষ্ঠানত প্রজ্জ্বলক হিচাপে অংশগ্ৰহণ কৰে মঙলদৈ কোষাগাৰৰ অৱসৰী গাণনিক চন্দ্ৰধৰ বড়াই। ৮-৫৫ বজাত ভবানন্দ ৰাজখোৱাদেৱৰ প্রতিচ্ছবিত মাল্যার্পণ আৰু স্মৃতিতর্পণ অনুষ্ঠানত মুখ্য তর্পক হিচাপে প্ৰয়াত ৰাজখোৱাৰ পুত্ৰ ডাঃ নৱনীত ৰাজখোৱাই অংশগ্ৰহণ কৰে।

৯-১০ বজাত খৰিকাজাই শাখা সাহিত্য সভাৰ সভাপতি ডা০ ভূপেন চহৰীয়াৰ সঞ্চালনাত অনুষ্ঠিত হয় স্মৃতিচাৰণ অনুষ্ঠান। এই স্মৃতিচাৰণ অনুষ্ঠানটি উদ্ধোধন কৰে দৰং জিলা সাহিত্য সভাৰ উপ-সভাপতি ধীৰেন্দ্ৰ কুমাৰ শৰ্মাই।

মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে খৰিকাজাই শাখা সাহিত্য সভাৰ উপদেষ্টা তথা দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ফুলেন্দ্র নাথ চহৰীয়াই। স্মাৰক বক্তা হিচাপে অংশগ্ৰহণ কৰে ডাঃ জয়কান্ত চহৰীয়াই।

এই স্মৃতিচাৰণ অনুষ্ঠানত বক্তাসকলে প্ৰয়াত ৰাজখোৱাৰ জীৱন কৃৰ্তী আৰু কবিতাৰ সন্দৰ্ভত আলোচনা কৰে। খৰিকাজাই শাখা সাহিত্য সভাৰ সম্পাদক, সাংবাদিক মদন চন্দ্ৰ বৰুৱাই আঁত ধৰা অনুষ্ঠানত জিলা সাহিত্য সভাৰ সহ সম্পাদক তথা মঙলদৈ জিলা মইনা পাৰিজাতৰ সম্পাদক প্ৰবীণ বৰুৱা, জিলা সাহিত্য সভাৰ কোষাধ্যক্ষ হৰি চন্দ্ৰ শৰ্মাৰ লগতে অঞ্চলৰ ভালেসংখ্যক বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।