দৰং

মঙলদৈত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ, মঙলদৈ : মঙলবাৰে মঙলদৈত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে আম আদমী পাৰ্টীয়ে। বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত আপৰ কৰ্মীসকলে এই প্ৰতিবাদ সাব্যস্ত কৰে।

শক্তি বিভাগৰ অভাৱনীয় মাচুল বৃদ্ধি আৰু লুণ্ঠনকাৰী স্মাৰ্ট মিটাৰ বন্ধৰ দাবীতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আপে। এই কাৰ্য্যসূচী ত অংশগ্ৰহণ কৰে আপৰ জিলা নেতা কৰ্মীৰ লগতে আপৰ কেন্দ্ৰীয় নেতা ৰমেন বৰঠাকুৰে ।