দৰং

মঙলদৈৰ মোৱামাৰীত চাঞ্চল্যকৰ ঘটনা : পঢ়ক সবিশেষ...

Asomiya Pratidin

ডিজিটেল সংবাদ,মঙলদৈ : দৰং জিলাৰ অন্তৰ্গত মঙলদৈত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। শুকুৰবাৰে বৃহত্তৰ অঞ্চলটিৰ মোৱামাৰীত উদ্ধাৰ হৈছে অৰ্ধগলিত অৱস্থাত এটি মৃতদেহ।

বানপানীৰ সময়ছোৱাতে মঙলদৈৰ মোৱামাৰীত উদ্ধাৰ হোৱা মৃতদেহটো সদৰ আৰক্ষীয়ে উদ্ধাৰ কৰে। অৱশ্যে এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই মৃতদেহটো।

স্থানীয় লোকৰ ভাষ্য অনুসৰি মঙলদৈ নৈৰ বাঢ়নী পানীয়ে উটুৱাই আনিছে মৃতদেহটো। ঘটনা সন্দৰ্ভত মঙলদৈ সদৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।