দৰং

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত গৱেষণামূলক গ্ৰন্থ উন্মোচন শোণিত কুমাৰ ভূঞাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,মঙলদৈ : দৰং জিলাৰ উচ্চ শিক্ষানুষ্ঠান দলগাঁৱস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ে প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰে 'Societal Sonnets : Interweaving Art's and Environment ( Vol- 1)' নামৰ গৱেষণাধৰ্মী গ্ৰন্থ। গ্ৰন্থখন সম্পাদনা কৰিছে মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ কুমাৰ চন্দন জ্যোতি, মানস প্ৰতীম শৰ্মা আৰু ৰূপৰেখা কলিতাই।

দেওবাৰে অনুষ্ঠিত কৰা গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থখনি উন্মোচন কৰে প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞাই। উল্লেখ্য যে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ লখী প্ৰসাদ হাজৰিকাই মুখ্য পৃষ্ঠপোষক হিচাপে গ্ৰন্থখনৰ সম্পাদনাৰ ক্ষেত্ৰত দায়িত্ব গ্ৰহন কৰে।

৩৪৮ পৃষ্ঠাজোৰা গ্ৰন্থখনত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ বিশ্ববিদ্যালয়ৰ ৩৪ খন গৱেষণা পত্ৰ প্ৰকাশ পাইছে। এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে বহু সংখ্যক শিক্ষানুৰাগী লোক উপস্থিত থাকে।

গ্ৰন্থখনৰ জৰিয়তে সমাজ, অৰ্থনীতি, ৰাজনীতি আৰু বৌদ্ধিক জগতত বিশেষভাৱে প্ৰভাৱ পেলাব বুলি মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে।