দৰং

মঙলদৈত ৰাজ্যিক ভিত্তিক কৃষি কৰ্মশালা

Asomiya Pratidin

ডিজিটেল সংবাদ,মঙলদৈ: দৰং জিলাৰ মঙলদৈৰ হোটেল সিদ্ধাৰ্থ প্লেচেছত কৃষি বিজ্ঞান কেন্দ্ৰ আৰু আইচিএআৰ যৌথ উদ্যোগত মঙললবাৰে এখনি দিনজোৰা কৃষি ভিত্তিক কৰ্মশালা অনুষ্ঠিত হয়। অনুষ্ঠানটিত কৃষি সম্পৰ্কীয় বিভিন্ন আলোচনা কৰে সমল ব্যক্তিসকলে।

বিজ্ঞান ভিত্তিক কৃষি পদ্ধতি সম্পৰ্কে আলোকপাত কৰা হয় অনুষ্ঠানটিত। চলাৰ বা সৌৰশক্তি ব্যৱহাৰ কৰি কেনেকৈ অধিক উৎপাদন কৰিব পাৰি আৰু চলাৰ পাম্প ব্যবহাৰ কৰিলে কেনেকৈ কৃষক সকলক উপকৃত হ'ব পাৰে আদি বিষদভাৱে আলোচনা কৰে।

এডোখৰ কৃষিভূমিত বিজ্ঞান ভিত্তিক পদ্ধতিৰে কেনেকৈ একাধিকবাৰ কৃষিকাৰ্য কৰিব পাৰি, কেনেকৈ অধিক উৎপাদন কৰিব পাৰি, কেনেকৈ পানী সংৰক্ষণ কৰিব পাৰি, কেনেকৈ সৌৰশক্তি ব্যৱহাৰ কৰিব পাৰি আদি ভিন্ন দিশ সামৰি আলোচনা কৰা হয়। প্ৰাকৃতিক শক্তি কেনেকৈ ব্যবহাৰ উপযোগী কৰিব পাৰি সেই সম্পৰ্কেও আলোচনা কৰে সমল ব্যক্তিসকলে।

অনুষ্ঠানটিত আই. চাৰ. আটাৰিৰ সঞ্চালক ড০ জী. কাদিৰৱেল, মুখ্য বিজ্ঞানী ৰাজেশ কুমাৰ, জ্যেষ্ঠ আলোচক পাৰবীন চাজ্জাদ ,দৰঙৰ ডী. ডী. চি. পংকজ ডেকা, মংগলদৈৰ প্ৰাক্তন বিধায়ক তথা মীন উন্নয়নৰ অধ্যক্ষ গুৰুজ্যোতি দাস, নাবাৰ্ডৰ জেনেৰেল মেনেজাৰ নবীন কুমাৰ ৰয় ,সহকাৰী জেনেৰেল মেনেজাৰ শংকৰ দাস, কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ড০ আব্দুল হাফিজৰ লগতে কেইবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকে।

দৰং জিলাৰ এক শতাধিক কৃষক উপস্থিত থাকি এই কৰ্মশালাত ভাগ লয়। এই কৰ্মশালাই প্ৰতি গৰাকী কৃষকক উপকৃত কৰিব বুলিও মত প্ৰকাশ কৰে।