দৰং

মঙলদৈত সৰ্প দংশনৰ চিকিৎসা সম্পৰ্কীয় কৰ্মশালা

Asomiya Pratidin

ডিজিটেল সংবাদ,মঙলদৈঃ মঙলদৈত মঙলবাৰে অনুষ্ঠিত হয় সৰ্প দংশনৰ চিকিৎসা সম্পৰ্কীয় কৰ্মশালা। কৰ্মশালাত উপস্থিত থাকে সৰ্পবান্ধৱ সৌৰভ বৰকটকী। এই কৰ্মশালাত উপস্থিত থাকি চিকিৎসক ডা মালবিকা গগৈয়ে কয় যে, দৰঙৰ প্ৰায় সমুহ চিকিৎসালয়তে উপলব্ধ এণ্টিভেনাম।

এই সৰ্পদংশনৰ চিকিৎসা সম্পৰ্কীয় কৰ্মশালাত ৩০ গৰাকী চিকিৎসকে অংশগ্ৰহণ কৰে। মঙলদৈ ইউথ ক্লাৱত জিলা স্বাস্থ্য বিভাগৰ ৰ উদ্যোগত অনুষ্ঠিত হোৱা কৰ্মশালাত সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে সৰ্পদংশনৰ চিকিৎসা সম্পৰ্কীয় নিজৰ অভিজ্ঞতা চিকিৎসক সকলক জনায়।

সৰ্পবান্ধৱ গৰাকীয়ে উল্লেখ কৰে যে মানুহৰ সৰ্পদংশনত সৰ্প বিষত নহয়,অজ্ঞানতাৰ বাবে মৃত্যু হয়। বৰ্তমান চিকিৎসা বিজ্ঞানত সকলো ধৰনৰ সৰ্প বিষৰ চিকিৎসা সম্ভৱ। সেয়েহে কোনো লোকক সৰ্পেদংশন কৰিলে যিমান কম সময়ৰ ভিতৰত পৰা যায় সিমান কম সময়ৰ ভিতৰত চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা কৰাবলৈ ৰাইজক আহ্বান জনায়।

মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডা মালবিকা গগৈয়ে উল্লেখ কৰে যে জিলা খনৰ সকলো চিকিৎসালয়ত এণ্টিভেনাম মজুত আছে, গতিকে কোনো লোকক সৰ্পে দংশন কৰিলে ততাতয়াকৈ চিকিৎসালয়লৈ লৈ আনিবলৈ ৰাইজক আহ্বান জনায়।