অতীত হ'ল আলফাঃ আনুষ্ঠানিকভাৱে ভংগ ঘোষণা... 
দৰং

অতীত হ'ল আলফাঃ আনুষ্ঠানিকভাৱে ভংগ ঘোষণা...

Asomiya Pratidin

ডিজিটেল সংবাদ মঙলদৈঃ আজি আনুষ্ঠানিকভাৱে ভংগ হ'ল সংযুক্ত মুক্তিবাহিনী অসম চমুকৈ আলফা। ৪৪ বছৰীয়া এক সুদীৰ্ঘ সশস্ত্ৰ সংগ্ৰামৰ অন্তত দৰঙৰ চমুৱাপাৰাত আনুষ্ঠানিকভাৱে সংগঠনটোক ভংগ কৰাৰ কথা ঘোষণা কৰে সভাপতি অৰবিন্দ ৰাজখোৱাই।

সমান্তৰালকৈ আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই জাতীয় বিকাশ পৰিষদ নামৰ আন এক সংগঠন গঠনৰ কথাও ঘোষণা কৰে। এই সংগঠনটোৰ উদ্দেশ্য হৈছে আলফাৰ সদস্যসকলক একত্ৰিত কৰি ৰখা।

উল্লেখ্য যে, আলফাৰে সুদীৰ্ঘ সময়ৰ আলোচনাৰ অন্তত ডিচেম্বৰৰ ২৯ তাৰিখে দিল্লীত স্বাক্ষৰিত হৈছিল ত্ৰিপাক্ষিক শান্তি চুক্তি। এই শান্তি চুক্তিৰ পাছতে ভংগ কৰা হয় আলফা। এতিয়াৰে পৰা আলফা নামৰ কোনো সংগঠন নাথাকিব।

আজি আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰাৰ পাছতে সংগঠনটোৰ নেতৃত্ব তথা সদস্যসকল আৱেগিক হৈ পৰে। এই অনুষ্ঠানত উপস্থিত থাকে সভাপতি অৰবিন্দ ৰাজখোৱা, সাধাৰণ সম্পাদক অনুপ চেতিয়া, ৰাজু বৰুৱা, শশ চৌধুৰী, প্ৰদীপ গগৈ, প্ৰাণজিত শইকীয়া আদি নেতৃত্বৰ লগতে বহু সদস্য।