অসম

চাপানালাত দুষ্প্ৰাপ্য প্ৰজাতিৰ চৰাই উদ্ধাৰ!

Asomiya Pratidin

প্ৰতিদিন সংবাদ, বঢ়মপুৰ: নগাঁও জিলাৰ চাপানালাৰ জীয়াজুৰি অঞ্চলত আজি এটা দুষ্প্ৰাপ্য "ডৌৰিক " চৰাই উদ্ধাৰ কৰা হয়। এই ডৌৰিক চৰাই বিধ দুষ্প্ৰাপ্য প্ৰজাতিৰ কুকুৰা জাতীয় চৰাই।

জানিব পৰা মতে, জীয়াজুৰিৰ লবেন তাঁতী নামৰ লোকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় এই বিৰল চৰাইটো । পিছত স্থানীয় প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাই ৰাইজৰ সহযোগত চৰাইটো উদ্ধাৰ কৰি চাপানালা চোৱাং বনাঞ্চলত এৰি দিয়ে।