অসম

দেৰগাঁও দৈনিক বজাৰত মৃতদেহ উদ্ধাৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেৰগাঁও দৈনিক বজাৰত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। মঙলবাৰে দিনৰভাগত উদ্ধাৰ হয় মৃতদেহটো। মৃতদেহটো দক্ষিণ দলিজলীয়াৰ মাইনা হাজৰিকা নামৰ এজন যুৱকৰ বুলি চিনাক্ত।

যুৱকজনৰ মূৰ আৰু শৰীৰৰ বিভিন্ন অংশত আঘাতৰ চিন স্পষ্ট হৈ আছে। যুৱকজনক হত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ। যোৰহাটৰ এখন হোটেলত কৰ্মৰত আছিল যুৱকজন।

স্থানীয় একাংশই অভিযোগ কৰা অনুসৰি দৈনিক বজাৰখনত বিভিন্ন অনৈতিক কাৰ্যকলাপ চলে। ঘটনাৰ পাছতেই আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।