dangor khabar  
অসম

ছয়গাঁৱত উদ্ধাৰ যুৱকৰ মৃতদেহ...

Asomiya Pratidin
  • ছয়গাঁৱৰ টকৰাদিয়া মাজপাৰাত উদ্ধাৰ হৈছে এটা মৃতদেহ।

  • পথৰ দাঁতিত পৰি থকা অৱস্থাত উদ্ধাৰ হোৱা উৱঁলি যোৱা মৃতদেহটো উমা কলিতাৰ পুত্ৰ হেমন্ত কলিতা (৩৫) ৰ বুলি জানিব পৰা গৈছে ।

  • যোৱা ৯ মে'ৰ পৰা নিৰুদ্দেশ হৈ থকা যুৱকজনৰ দেওবাৰে সন্ধিয়া মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

  • ঘটনাস্থলীত ছয়গাঁও আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো ।

  • উল্লেখযোগ্য যে আজি কেবাদিন ধৰি হেমন্ত কলিতাৰ মোবাইল বন্ধ হৈ আছিল ।

  •  এয়া হত্যাকাণ্ড বুলি স্থানীয় ৰাইজে অভিযোগ কৰে ।

  •  উদ্ধাৰ হোৱা মৃতদেহটোৰ সন্দৰ্ভত ছয়গাওঁ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।