অসম

ৰাওনা পথাৰত যুৱকৰ মৃতদেহ উদ্ধাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,চতিয়াঃ চতিয়াৰ ৰাওনা পথাৰত উদ্ধাৰ এক মৃতদেহ। শুকুৰবাৰে পুৱাই পথাৰলৈ অহা ৰোৱনীয়ে প্ৰত্যক্ষ কৰে মৃতদেহটো৷ লগে লগে উক্ত স্থানত হুৱাদুৱা লাগে। ৰাইজে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত উক্ত স্থানত চতিয়া আৰক্ষীৰ দল উপস্থিত হয়।

জানিব পৰা মতে, মৃতদেহটো ১ নং নলবাৰীৰ অজিত নাথ (৫৪)ৰ। উল্লেখ্য যে, বুধবাৰে বিয়লিৰ পৰা নিখোজ হৈ আছিল অজিত নাথ৷ বৃহস্পতিবাৰে অজিত নাথৰ নিৰুদ্দেশ সম্পৰ্কত পৰিয়ালে এজাহাৰো দাখিল কৰিছিল৷

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো পানীৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।