অসম

'কা' সন্দৰ্ভত দেবব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইনৰ কাৰ্যবিধি জাৰি হোৱাৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে প্ৰতিবাদ। বিৰোধী ৰাজনৈতিক দলসমূহে ইয়াৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদৰ বাবে সাজু হৈছে। জাননী জাৰি হোৱাৰ পাছতেই তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেবব্ৰত শইকীয়াই ।

তেওঁ কয় যে, আজি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসম আৰু অসমীয়াৰ স্বাৰ্থ বিৰোধী "কা" আইন বলৱৎ কৰিলে আৰু অসমৰ জনগণই দীৰ্ঘদিন ধৰি এই‌ আইনখনৰ বিৰুদ্ধে মাত মাতি থকাৰ পিছতো আজি সকলোৰে আশাত চেঁচা পানী ধালি বিজেপিৰ ৰাজনৈতিক লাভালাভৰ বাবে আমাৰ সকলোৰে ওপৰত এই আইনখন জাপি দিলে।